অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

যদি জীৱনে কান্দে


যদি জীৱনে কান্দে নাই নাই বুলি
যদি দুখতে উৰে ধৰণীৰ ধুলি
নিৰাশাই আশাবোৰ ভাঙিব খুজিলে
মই গোৱা গীতটি গাবা ৷৷

এটি বগলী যদি অকলে অকলে
উৰি উৰি যোৱা দেখা সাগৰৰ ফালে ৷
বিৰাটক সৰু ক্ষণে ভবাই তুলিলে
মই ৰচা গীতটি পঢ়িবা ৷৷

বিচৰাটি যদি তুমি এবাৰো নোপোৱা
নিবিচৰাটিকে যদি বহুবাৰ পোৱা
বিচৰাটি ভাবি গুণি কান্দিব খুজিলে
মই হঁহা হাঁহিটি হাঁহিবা ৷৷

বহুতৰে বহু বুকু ভঙা ভঙা দেখোঁ
সেয়েহে আশাৰে ভৰা গীতবোৰ লিখোঁ ৷
ভুলতেই যদি তুমি এন্ধাৰক পোৱা
কাঁইটক শেৱালিৰে পাহি বুলি লোৱা
তোমাৰ তেজেৰে বাট ৰঙা ৰঙা হলে
মই দিয়া সুৰৰে মচিবা ৷৷

(শ্বিলং , ১৯৬৩ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
 (ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

2 comments:

Hiranmoy Goswami said...

গীচবোৰ - গীতবোৰ, শেভালিৰে - শেৱালীৰে (typographical error)

আকাংক্ষা (Akansya) said...

ভুল শব্দ দুটা আঙুলীয়াই দিয়া বাবে ধন্যবাদ, শুধৰাই দিয়া হ'ল 👍