যাবই লাগিব তই
চকুলো মচি লৈ
সবাৰে ভৰষা এৰি
হে নৰ মনিষ !
সোণৰ জটাখাৰু
মামৰে ধৰিলে
মামৰে বেচতো
কেৱেচোন নল’লে
ফুৰিলে কি হ’ব ঘূৰি হে নৰ মনিষ ?
দোকানী চিনিবি
পোহাৰী চিনিবি
চিনিবি চেনেহ
মাধুৰী অ’
সংসাৰৰ হাট যায়
ভাগিহে, নৰ মনিষ
হাবিয়াষনো কৰি
তই
মজিয়ানো মচিলি ঐ
চিকণকে বাটিতে ঐ
অমৃতনো সজালি ঐ
আনন্দেৰে পীৰাখন
পাৰি ৷
বৰে ঘৰে মজিয়াতে
নিগনিনো বগালে ঐ
অমৃতৰ বাটিতে ঐ
বিহেনো উপচিলে ঐ
পীৰাখন জে নিলে
হৰি, এ নৰ মনিষ
মিছা সাগৰতে তই
বুৰ মাৰিলি
সাঁতুৰি নাদুৰি
ভাগৰেই লগালি
মুকুতাৰ আশাকে
কৰি ৷
সাগৰৰ মুকুতাৰ
চিনও নাই চাবও নাই
ভাগৰত পিবলৈ
পানী দুনি নাই
আছে মায়াজালৰ
জৰী হে নৰ মনিষ ৷
(ভূপেন হাজৰিকাদেৱে ধুমুহা ( ১৯৫৭) কথাছবিত দিছে)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment