অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

যুৱতী অনামিকা গোস্বামী


গীত:-  যুৱতী অনামিকা গোস্বামী
আৰু যুৱক প্রশান্ত দাসে
বিয়াত হেনো কিছু বাধা পালে
ৰাম বাধা পালে !
সেয়ে কাকো নজনাই, কামাখ্যাধামত
দুয়ো দুয়োকে আজি মালা পিন্ধালে
ৰাম মালা পিন্ধালে !
আজি দুয়োৰে উজ্জ্বল মুখ
আজি দুয়োৰে অতী সুখ ৷
কথা : সিদিনা দুয়ো আশীৰ্ব্বাদ বিচাৰি অহাত , মই কলো :-

গীত:    মহাশূন্যত উপগ্রহ ৰাখি
এই্য়া গণসংযোগ কৰোৱাৰ যুগ ,
আৰু আণৱিক শক্তিক দানৱৰপৰা আনি
মানৱৰ সেৱাত লগোৱাৰ যুগ !
এইয়া প্রসান্ত আৰু অনামিকাৰ
জাতিকুল নেউচা হোমাগ্নিৰ যুগ,
এইয়া প্রসান্ত আৰু অনামিকাৰ
জাতিকুল নেউচা হোমাগ্নিৰ যুগ;
এয়া জনাৰ যুগ !
এয়া বুজাৰ যুগ
এয়া জেট যুগ !
আনৱিক যুগ !
এইয়া সীমাৰ পৰিধি ভঙাৰ যুগ !
সীমাৰ পৰিধি ভঙাৰ যুগ !

মন পথাৰ বহল কৰি
প্রেমৰ ৰসেৰে জীপাল কৰি
এয়া মানৱতা-কঠীয়া সিঁচাৰ যুগ !
মানৱতা-কঠীয়া সিঁচাৰ যুগ !

এই শতিকাৰ যত নৱ প্রয়াসৰ
ফুল ফুলাব অনাগত শতিকাই !
একৈশ শতিকাৰ প্রথম পুৱাৰ.. !
জিলিকনি চাবলৈ আছোঁ বাট চাই... !
ঊনবিংশ শতিকাৰ ধ্যান-ধাৰণা..
বিংশ শতিকাত শোভা নেপায় !
একবিংশ শতিকা আহিবলে
তিনি দশকো যে নাই !
একবিংশ শতিকা আহিবলে
তিনি দশকো যে নাই !
হে অনামিকা আৰু প্রশান্ত দাস
দুয়ো পাবা নৱ নৱ জ্যোতিৰ আভাস
আশিকে ভৰা হওঁক দুয়োৰে আকাশ ৷৷

( কলকাতা ,১৯৭৬ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: