ভূপেনদাৰ কথাৰে:
লক্ষ্যদাৰ কথা সুঁৱৰিলেই মোৰ মনত পৰে মোৰ শৈশৱলৈ, লক্ষ্যদাই দিয়া অনুপ্ৰেৰণা, মোক চাইকেলত তুলি গান গাবলৈ নিয়া দিনবোৰলৈ। লক্ষ্যদাই সঁচাকৈয়ে মোক মৰম কৰিছিল । মৰম কৰিছিল এই গান গোৱা ভূপেন হাজৰিকাক। মোৰ মনত আছে লক্ষ্যদাই এবাৰ চাইকেলত তুলি ভৰলুমুখৰ পৰা মোক লৈ গৈছিল। আমি গৈছিলোঁ জজ ফিল্ডত হোৱা এক বনগীতৰ প্ৰতিযোগিতালৈ। যাওঁতে মোক জোকাই গৈছিল , "জানিছানে নাই কাৰ চাইকেলত উঠি তুমি গৈছা ! সেইকাৰণে অন্ততঃ তুমি প্ৰতিযোগিতাত প্ৰথম হবই লাগিব !" লক্ষ্যদাৰ চাইকেলত উঠি মোৰ বাট সুগম হ'ল, মই প্ৰতিযোগিতাত প্ৰথম হলোঁ। লক্ষ্যদাৰ বাবে কিন্তু গোটেই শতিকাটোৱেই সুগম হৈ থাকিল। জীৱনৰ প্ৰতিটো প্ৰতিযোগিতাতেই জিকিল লক্ষ্যদা। এক দৃষ্টিত গোটেই শতিকাটোৱেই তুলি ধৰিলে লক্ষ্যদাই । কটন কলেজিয়েট স্কুলত পঢ়োতে লক্ষ্যদাই 'একলব্য' নামৰ নাটক এখন লিখিছিল। তাত মই এটা বেয়া ল'ৰাৰ ভাও দিছিলোঁ। লক্ষ্যদাৰ ওপৰত মোৰ খঙ আছিল , মোক বেয়া লৰাহে কৰিলে একলব্য নকৰি। কিন্তু বৰ মন আছিল একলব্যৰ ভাও দিবলৈ , সেই কথা জানি লক্ষ্যদাই মোক বৰকৈ জোকাইছিল। সেইযে তাহানিতেই আমাৰ সান্নিধ্য হ'ল, সেয়া গোটেই জীৱন জুৰি থাকি গ'ল। এইদৰে বিভিন্ন সময়ত লক্ষ্যদাই মোক উৎসাহ দিছে , আশীৰ্বাদ দিছে । কেৱল মোকেই নহয়, অসমৰ অজস্ৰ সাধাৰণ মানুহক সাহস দিছে। নতুন প্ৰজন্মৰ অনেকক সাহস দিছে। ৰাজনীতি কৰিও নিকা জীৱন যাপনৰ উদাহৰণ দি গৈছে। সাধাৰণ মানুহৰ জীৱনক লৈ অসাধাৰণ সাহিত্য ৰচি গৈছে। নাটক কৰিছে, চিনেমা কৰিছে। মৃত্যুৰ আগদিনাও ভাস্কৰ নাট্য মন্দিৰত চিন্তা কৰিছে । এয়াইতো এক সম্পূৰ্ণ মানুহৰ উদাহৰণ ! The perennial illustration of the total personality. সেই লক্ষ্যদাৰ স্মৃতিক মই এনেকৈয়ে শ্ৰদ্ধাঞ্জলি যাঁচিলো।

ভূ:হা: (মই গান্ধীজীৰ দৰে হ’ম
সত্য কথাহে
ক’ম
অহিংস্
ব্রতেৰে জগত জিনিম
সত্য পথতহে
ৰ’ম)←২
মই গান্ধীজীৰ দৰে হ’ম
সত্য
কথাহে ক’ম
৷
১ম পু: মই হ’ম জৱাহৰলাল
পৰাধীনতাৰ
সাগৰ সাতুৰি
তৰিম
জয়ৰ পাল
মই হ’ম
জৱাহৰলাল
২য় পু: মই কুশল কোঁৱৰ হ’ম
দেশৰ বাবে
হাঁহি হেলাৰঙে
ডিঙিত
চিপজৰী ল’ম
!
মই কুশল
কোঁৱৰ হ’ম ←২
না:স: আমি হ’ম কনকলতা !
প্রাণ বলি
দি উধাৰি আনিম
দেশৰ
স্বাধীনতা !
আমি হ’ম
কনকলতা
৩য় পু: মই নেতাজী সুভাষ হ’ম
!
পৰ্বত
উলঙ্ঘি সাগৰ নেওচি
জয়ৰ তিলক ল’ম
মই নেতাজী
সুভাষ হ’ম
৪ৰ্থ পু: মই লাচিত বৰফুকন হ’ম
দেশতকৈ
মোমাই ডাঙৰ নহয়
জগতক চিঞৰি
ক’ম
!
মই লাচিত
বৰফুকন হ’ম
১ম নাৰী মই হ’ম সৰোজিনী
বিশ্ব
বিজয়িনী !
সুপ্ত ভাৰত
জগাই তুলিম
ঢালি
সঞ্জীৱনী !
মই হ’ম
সৰোজিনী
ভূ:হা: (মই গান্ধীজীৰ দৰে হ’ম
সত্য কথাহে
ক’ম
অহিংস ব্রতেৰে জগত জিনিম
সত্য পথতহে
ৰ’ম) ←২
মই গান্ধী
জীৰ দৰে হ’ম
সত্য
কথাহে ক’ম
৷
আন স: (আমি গান্ধীজীৰ দৰে হ’ম
সত্য কথাহে
ক’ম
অহিংস ব্রতেৰে জগত জিনিম
সত্য পথতহে
ৰ’ম ) ←২
আমি গান্ধীজীৰ দৰে হ’ম
সত্য কথাহে
ক’ম ←৩ ।।
(ভূপেন হাজৰিকাদেৱ আৰু
লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - নীলাক্ষি দেৱী ডেকা আৰু দিগন্ত শইকীয়া)
No comments:
Post a Comment