যদি জীৱনে
কান্দে ‘নাই নাই’ বুলি
যদি দুখতে উৰে
ধৰণীৰ ধুলি
নিৰাশাই আশাবোৰ
ভাঙিব খুজিলে
মই গোৱা গীতটি
গাবা ৷৷
এটি বগলী যদি
অকলে অকলে
উৰি উৰি যোৱা
দেখা সাগৰৰ ফালে ৷
বিৰাটক সৰু
ক্ষণে ভবাই তুলিলে
মই ৰচা গীতটি
পঢ়িবা ৷৷
বিচৰাটি যদি
তুমি এবাৰো নোপোৱা
নিবিচৰাটিকে যদি
বহুবাৰ পোৱা
বিচৰাটি ভাবি
গুণি কান্দিব খুজিলে
মই হঁহা হাঁহিটি
হাঁহিবা ৷৷
বহুতৰে বহু বুকু
ভঙা ভঙা দেখোঁ
সেয়েহে আশাৰে
ভৰা গীতবোৰ লিখোঁ ৷
ভুলতেই যদি তুমি
এন্ধাৰক পোৱা
কাঁইটক
শেৱালিৰে পাহি বুলি লোৱা
তোমাৰ তেজেৰে
বাট ৰঙা ৰঙা হ’লে
মই দিয়া সুৰৰে
মচিবা ৷৷
(শ্বিলং , ১৯৬৩ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
2 comments:
গীচবোৰ - গীতবোৰ, শেভালিৰে - শেৱালীৰে (typographical error)
ভুল শব্দ দুটা আঙুলীয়াই দিয়া বাবে ধন্যবাদ, শুধৰাই দিয়া হ'ল 👍
Post a Comment