যা: যাগৈ জীৱনৰ
যোৱা দিনবোৰ
যা: আমনি নকৰিবি
!
যা: যাগৈ পুৰণি
গোৱা গীতবোৰ
যা: অগনি
নজ্বলাবি !
যা: যাগৈ জীৱনৰ
যোৱা দিনবোৰ
যা: আমনি নকৰিবি
!
যা: যাগৈ পুৰণি
গোৱা গীতবোৰ
যা: অগনি
নজ্বলাবি !
মিঠা মিঠা কিবা
সোঁৱৰণি
পাহৰা গীতৰে
কথাখিনি
চিনাকি চিনাকি
মুখ এখনি
সুঁৱৰিও দেখোঁ নেপাওঁ চিনি !
যা: যাগৈ জীৱনৰ
যোৱা দিনবোৰ
যা: আমনি নকৰিবি
!
যা: যাগৈ পুৰণি
গোৱা গীতবোৰ
যা: অগনি
নজ্বলাবি !
এৰি অহা দূবৰি
কিয় বাৰু গচকোঁ ?
আশাৰে ৰঙা ৰং
মেঘেৰে নাঢাকোঁ ?
নাই আৰু নাভাবোঁ,
মনতো নাৰাখোঁ
নাই নাৰাখোঁ !!
উকা নিশাৰে এই
সময়খিনি
নেযায় নুপুৱায় কি যে বিঘিনি !
পাহৰি এই সুৰ পুৰণি
সাৱতো নতুনৰে আঁচনি !
যা: যাগৈ জীৱনৰ
যোৱা দিনবোৰ
যা: আমনি নকৰিবি
!
যা: যাগৈ পুৰণি
গোৱা গীতবোৰ
যা: অগনি
নজ্বলাবি !
যা: যাগৈ জীৱনৰ
যোৱা দিনবোৰ
যা: আমনি নকৰিবি
!
যা: যাগৈ পুৰণি
গোৱা গীতবোৰ
যা: অগনি
নজ্বলাবি !
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment