অনুসন্ধান আকাংক্ষাত

Thursday, July 11, 2019

অ' প্ৰাণ পখী

অ' প্ৰাণ পখী ←২
-
অ' প্ৰাণ পখী←২
তুমি কাৰ সঁজা ভাঙি
কেনিবা উৰিলা
নুবুজোঁ তোমাৰে লীলা
ৰহস্যৰে ভৰা অনন্ত আকাশ
কি সুৰ বিচাৰি ভ্ৰমিলা ←২
অ' প্ৰাণ পখী...
-
[দেহা পৰি ৰয়
ভগা টোকাৰী হৈ
তাঁৰ ছিৰাছিৰ হৈ] ←২
অ' মায়াৰে জালবোৰ
মকৰা জাল হৈ
ধুমুহাত উৰিয়ে গ'ল ←২
মৰণ অগনি চলেৰে এৰি থৈ←২
কেনিবা গতি কৰিলা
ৰহস্যৰে ভৰা অনন্ত আকাশ
কি সুৰ বিচাৰি ভ্ৰমিলা ←২
অ' প্ৰাণ পখী...
-
চিৰ অভেদ্য জাল যৱনিকা
সিপাৰত শান্তিৰ আভা !
ইপাৰত পৰি ৰয়
পাৰ্থিব যাতনা
আতমাৰ সিপাৰে প্ৰকাশ
জীৱন মৰণ ইপিঠি সিপিঠি ←২
কিয় লুকা ভাকু খেলা
ৰহস্যৰে ভৰা অনন্ত আকাশ
কি সুৰ বিচাৰি ভ্ৰমিলা ←২
[অ' প্ৰাণ পখী ←২
তুমি কাৰ সঁজা ভাঙি
কেনিবা উৰিলা
নুবুজোঁ তোমাৰে লীলা
ৰহস্যৰে ভৰা অনন্ত আকাশ
কি সুৰ বিচাৰি ভ্ৰমিলা ←২]←২
কি সুৰ বিচাৰি ভ্ৰমিলা←২
-
ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত, সংগীত ভূপেন উজীৰ
ইউনিক'ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া

No comments: