অনুসন্ধান আকাংক্ষাত

Thursday, July 11, 2019

অচিনাকি বন্ধু তোৰ সিৰে সিৰে বৈ আছে

অচিনাকি বন্ধু

তোৰ সিৰে সিৰে বৈ আছে

ভকতিৰ সিন্ধু

অচিনাকি বন্ধু

জীৱন নদীতে তোৰ

সাহসৰে বিন্দু

অচিনাকি বন্ধু ৷
-
কত ঘাত-প্ৰতিঘাত

সাপ যেন গোমধৰ বাট

বহু খলা-বমা গাঁত

তেজে বান্ধে কঁৰাল তাত

ৰিণিকি ৰিণিকি বতাহত শুনিবি

আইৰে সেমেকা মাত

থমকি নৰ'বি যা আগুৱাই

ধিয়াই ন-প্ৰভাত....

অচিনাকি বন্ধু

তোৰ সিৰে সিৰে বৈ আছে

ভকতিৰ সিন্ধু

অচিনাকি বন্ধু

জীৱন নদীতে তোৰ

সাহসৰে বিন্দু

অচিনাকি বন্ধু।
-
বাজে সৌ দবা-কাঁহ

দেখুৱাই বিজয়ৰে বাট

নীলা আকাশৰে ছাঁ-ত

শুনোঁ আজি অজস্ৰ মাত

জোনালী ৰ'দালি ন-কৈ সৰিব

সোণালী মাটিৰে গা-ত

থমকি নৰ'বি যা আগুৱাই

ধিয়াই ন-প্ৰভাত....

অচিনাকি বন্ধু

তোৰ সিৰে সিৰে বৈ আছে

ভকতিৰ সিন্ধু

অচিনাকি বন্ধু

অচিনাকি বন্ধু  ।।
-
ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত
সংগীতঃ- ভূপেন উজীৰ
এলবাম/বোলছবিঃ- অগ্নিগড়
ইউনিক'ড ৰূপান্তৰঃ- অনামিকা বৰা

No comments: