অনুসন্ধান আকাংক্ষাত

Sunday, May 5, 2019

বাণী মন্দিৰত আৰতিৰ গীত




[ আমাৰ প্ৰতিনিধি সম্পাদনা কৰাৰ সময়ৰ কথা, বকুল বনৰ কবি স্বৰ্গীয় আনন্দ চন্দ্ৰ বৰুৱাই মোক এটি গীত গাবলৈ অনুৰোধ কৰি লিখা এখন চিঠি পাইছিলোঁ । গীতটি আছিল সৌটি বেঁকা বাটৰ মূৰত সোণটিহঁতৰ ঘৰ, দূৱাৰমুখত বহি থাকে সোণটি মৰমৰ, কিন্তু গীতটো মোৰ গোৱা নহল । যোৱা শতিকাৰ সেই মধুৰ স্মৃতিক গুপুতে বুকুত   সাঁচি ৰাখি আজি নতুন শতিকাৰ আৰম্ভণিত যুগমীয়া কৰিবলৈ ওলাইছোঁ তেখেতৰেই ৰচিত অন্য এটি গীতেৰে, যি হব তেখেতৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি ]

বাণী মন্দিৰত আৰতিৰ গীত
ৰিণিকি ৰিণিকি কঁপিছে প্ৰাণ
ধৰণিৰ বুকু তেজেৰে ৰাঙলী১
ৰক্তধাৰাত উঠিছে বান
বাণী মন্দিৰত আৰতিৰ গীত
-
সৰগী শিশুৰ সৰল হাঁহিটি
জননী হিয়াৰ চেনেহী তান
-
সৰগী শিশুৰ সৰল হাঁহিটি
জননী হিয়াৰ চেনেহী তান
প্ৰকৃতিয়ে আজি তাণ্ডৱে নাচি
ধ্বংস লীলাৰ কৰে অভিযান
ৰক্তধাৰাত উঠিছে বান
(প্ৰথমখিনি)
-
দিয়া অভিনৱ সুৰৰ লহৰ
জীৱন জয়ৰ নতুন গান
-
দিয়া অভিনৱ সুৰৰ লহৰ
জীৱন জয়ৰ নতুন গান
উথলি উঠক ত্ৰিদিৱ ভুৱন
বওঁক ধৰণিত শান্তিৰ বান
বাণী মন্দিৰত আৰতিৰ গীত
ৰিণিকি ৰিণিকি কঁপিছে প্ৰাণ
ধৰণিৰ বুকু তেজেৰে ৰাঙলী
ৰক্তধাৰাত উঠিছে বান
-
কথাঃ- আনন্দ চন্দ্ৰ বৰুৱা
সুৰঃ-  প্ৰণৱীৰাম বৰুৱা
কণ্ঠঃ- ভূপেন হাজৰিকা
ইউনিকড ৰূপান্তৰঃ- নীলাক্ষি দেৱী ডেকা, বসন্ত কুমাৰ নাথ আৰু দিগন্ত শইকীয়া

No comments: