অনুসন্ধান আকাংক্ষাত

Wednesday, April 3, 2019

শোণিতপুৰত ঊষাই সদায় মনৰ কথা কয়

(শোণিতপুৰত ঊষাই সদায় মনৰ কথা কয়
চিত্ৰলেখাই তাকে শুনি চিত্ৰ আঁকি লয়) ←২
শোণিতপুৰত ঊষাই সদায় মনৰ কথা কয়
চিত্ৰলেখাই তাকে শুনি চিত্ৰ আঁকি লয়←২
-
(জয়মতীৰ সতীৰ তেজ নাৰীৰ শিৰত বয়
মুলাৰ মহান ত্যাগৰ কথা ইতিহাসত ৰয়।) ←২
শোণিতপুৰত ঊষাই সদায় মনৰ কথা কয়
চিত্ৰলেখাই তাকে শুনি চিত্ৰ আঁকি লয় ←২
-
কনকলতাৰ অমৰ বাণী নকৰিবা ভয়
-
(কনকলতাৰ অমৰ বাণী নকৰিবা ভয়
সাহসেৰে আনি দিয়া শত্ৰুৰ পৰাজয়।) ←২
শোণিতপুৰত ঊষাই সদায় মনৰ কথা কয়
চিত্ৰলেখাই তাকে শুনি চিত্ৰ আঁকি লয় ←২
-
শঙ্কৰৰ আশিস ল'লে ৰাধিকা শান্তি
-
(শঙ্কৰৰ আশিস ল'লে ৰাধিকা শান্তি
বৰদোৱাত উটি গ'ল জাতিৰে ভ্ৰান্তি।) ←২
শোণিতপুৰত ঊষাই সদায় মনৰ কথা কয়
চিত্ৰলেখাই তাকে শুনি চিত্ৰ আঁকি লয় ←৪ ||
-
ভূপেন হাজাৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত (১৯৯০)
কথাঃ - সূৰ্য্য হাজৰিকা
ইউনিক'ড ৰূপান্তৰঃ- সমুজ্জ্বল কাশ্যপ


No comments: