অনুসন্ধান আকাংক্ষাত

Saturday, March 30, 2019

লুইতৰ পাৰতেই উমলি জামলি





(লুইতৰ পাৰতেই উমলি জামলি

কৰিলোঁ পাৰ কৈশোৰ)←২

লুইতেই গঢ়ি দিছে ৰঙিন সপোন

এই জীৱনৰ মোৰ

ধন্য জীৱন এই মোৰ ←২

লুইতৰ পাৰতেই উমলি জামলি

কৰিলোঁ পাৰ কৈশোৰ

-

(ঠুনুক ঠানাককৈ মাতটি ফুটোতেই

শুনিছিলোঁ আইৰ সুৱদি মাতত

বৰগীত জিকিৰৰ সুৰ)← ২

এই সুৰতে বন্দী হৈ মই

হেৰুৱালোঁ পৰিচয় নিজৰেই মোৰ

ধন্য জনম এই মোৰ ←২

লুইতৰ পাৰতেই উমলি জামলি

কৰিলোঁ পাৰ কৈশোৰ

-

নাজানোঁ মই (কি) শিকিলোঁ

নাজানোঁ মই (কি) শিকালোঁ

হিচাপ ৰখা নাই তাৰো

লুইতৰ বালিতেই দেহা হ’লে অৱসান ←২

শীতলিব মোৰ আকুল পৰাণ ←২

(ধন্য মৰণ হ’ব মোৰ)←২

লুইতৰ পাৰতেই উমলি জামলি

কৰিলোঁ পাৰ কৈশোৰ

লুইতেই গঢ়ি দিছে ৰঙিন সপোন

এই জীৱনৰ মোৰ

ধন্য জীৱন এই মোৰ ←২

লুইতৰ পাৰতেই উমলি জামলি

কৰিলোঁ পাৰ কৈশোৰ  ।।

-

কথা আৰু সুৰঃ- কমল কটকী
কণ্ঠঃ- ভূপেন হাজৰিকা
ইউনিক’ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া

No comments: