অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2018

বলীয়া তোৰ উৰণীয়া মন বান্ধ'

বলীয়া...
তোৰ উৰণীয়া মন বান্ধৈ..
উৰণীয়া মন বান্ধ'
তোৰ উৰণীয়া মন বান্ধ'...
কোন সি অচিন দেশ
তোৰ এৰ বৰণীয়া বেশ
কোন সি অচিন দেশ
উৰণীয়া মন বান্ধ'
-
কেনেকৈ যাবি বাট চিনি পাবি←২
ক'ৰবাতে পৰি হ'বি ঘূণীয়া
উৰণীয়া মন বান্ধ'
তোৰ উৰণীয়া মন বান্ধ'
উৰণীয়া মন বান্ধ'
-
কোনটো বাটে এৰিলি ঘৰ...←২
আজি কাকনো বুলিবি পৰ
কিহৰ দুৰাশা বুকুতে বান্ধিলি
ঘৰকে কৰিলি পৰ
বুকুৰে হেৰালে চৰ
উৰণীয়া মন বান্ধ'
তোৰ উৰণীয়া মন বান্ধ'
উৰণীয়া মন বান্ধ'
-
(কোন শুৱনি সাদৰী মাতে
চেতনা হৰিলে গা)←২
দুৱাৰে দুৱাৰে সৰঙি সৰঙি
**** উলতি আহিবি উৰণীয়া
কিনো হেৰুৱালি বাট
(উৰণীয়া মন বান্ধ'
তোৰ উৰণীয়া মন বান্ধ')←২
তোৰ উৰণীয়া মন বান্ধ' ←২
-
কণ্ঠঃ- ভূপেন হাজৰিকা
বোলছবিঃ- বদন বৰফুকন
[গীতটো শুনি লিখা, (***) শব্দ ধৰিব পৰা নাই]

ইউনিক'ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া

No comments: