অনুসন্ধান আকাংক্ষাত

Wednesday, August 1, 2018

উদং পথাৰ উদং মনৰ গৰখীয়া কেনি গ'ল


অ'.....
উদং পথাৰ...
উদং মনৰ...
গৰখীয়া কেনি গ'ল..
অ' গৰখীয়া কেনি গ'ল
সুৰ খেলিমেলি হ'ল
অ' সুৰ খেলিমেলি হ'ল
কৃষ্টিৰে ভাঙে দ'ল
অ' সুৰ খেলিমেলি হ'ল
-
উদং পথাৰ উদং মনৰ
(গৰখীয়া কেনি গ'ল
অ' গৰখীয়া কেনি গ'ল)←২
উদং কৰা মনৰে মৰম ←২
গিৰিপ কেনি বাজি ৰ'ল
(গৰখীয়া কেনি গ'ল
অ' গৰখীয়া কেনি গ'ল) ←২
-
ললল ললল তিহিতি তিহিতি তিনিটি আঙুলি লৰা
তিনিটি আঙুলি লৰা
অ' ললল ললল তিহিতি তিহিতি তিনিটি আঙুলি লৰা
তিনিটি আঙুলি লৰা
-
ললল ললল তিহিতি তিহিতি তিনিটি আঙুলি লৰা
তিনিটি আঙুলি লৰা
কোনে হৰি নিলে মোহিনী পেঁপাটি ←২
অসমীৰে প্ৰাণে হৰা
(সুৰ খেলিমেলি হ'ল
অ' গৰখীয়া কেনি গ'ল) ←২
(উদং পথাৰ
উদং মনৰ) ←২
গৰখীয়া কেনি গ'ল
অ' গৰখীয়া কেনি গ'ল
-
উদঙমূৰীয়া জীৱন যুৰীয়া
জনম বিফলে যায় হে
জনম বিফলে যায়
অ' জনম বিফলে যায় হে
জনম বিফলে যায়
-
উদঙমূৰীয়া জীৱন যুৰীয়া
জনম বিফলে যায় হে
জনম বিফলে যায়
কিনো দিন পৰিলে সকলো হৰিলে ←২
অসমীক আজলী পায় ←২
(কৃষ্টিৰ ভাঙে দ'ল
অ' গৰখীয়া কেনি গ'ল) ←২
(উদং পথাৰ
উদং মনৰ) ←২
(গৰখীয়া কেনি গ'ল
অ' গৰখীয়া কেনি গ'ল) ←২

-
কথা আৰু সুৰঃ-  মুকুল বৰুৱা
ভূপেন হাজৰিকদেৱৰ কণ্ঠেৰে নিগৰিত গীত
ইউনিক'ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া


No comments: