এশৰাই
বাসনাৰ
ফুল
শেৱালি
তগৰৰ
গোন্ধে
ভৰপুৰ
বিয়পিলে লুইতৰ ইকূল-সিকূল ৷
যৌৱন ঋতুৰূপা
বাসন্তী স্বৰূপা
এনিশা
আয়ুসৰ,
জুই জীৱনৰ
প্ৰেমৰ একুঁকি ফুল
কবি-হৃদয়ৰ
৷
নিদিবা, নিদিবা তাক
মৰহিবলৈ
গোন্ধ ৰব বহু দিনলৈ ৷
মুগ্ধ অলিকুল
মতলীয়া আকুল-বিকুল ৷
এটি যেন জীৱনৰ
মনমোহা
ভুল,
যি ফুলে ফুলাই যায়
আমবণ
কবিতাৰ ফুল ৷
কদাকাৰ দিঠকৰ কায়া
ঢাকি
ভুলে
ধৰি
স্বপ্নমায়া,
আপোনাতে
আপুনি বিভোল ৷
সি
তেনে ভুল জানো
সি
তেনে ভুল ?
এপলক আয়ুসীয়া
এটি
যেন অনুপখিলা,
মুহূৰ্ত্তৰ
ভিতৰতে
জনম-মৰণ
তাৰ
জীৱনৰ
ৰঙ-ৰূপ খেলা ৷
জিলিকি জলক্ মাৰি
নিমিষৰ
ভিতৰতে
থৈ
যায় সৌন্দৰ্য্যৰ সোণোৱালী
ৰেখা,
তাৰ পিছে
আৰু নাই দেখা
আৰু
নাই দেখা ৷
থৈ যায়....
সুৱাগীৰ গাল দুখনিত
প্ৰথম
চুমাৰ সাঁচ
সেই
ৰূপ সপোনৰ
ৰত্নময়
ৰেখা,
সৃষ্টিৰ পুলক সনা
প্ৰাণৰ
গানৰ সি
মধু
মৰ্ম্মলেখা
কবিতাই কবিতাই ভাগে ভাগে গঁথা ৷
এটি যেন
কপকিলকণ্ঠী
ৰূপৰ
জোৱাৰ লৈ
অহা যেন
সুকোমলা
আলোক
চিত্ৰাভিনেত্ৰী ;
ছবি
নিজৰাৰ
পাৰে
পাৰে
যেন
মউ সৰে ৷
ৰুণুক-জুনুককৈ
নামি
নামি আহে,
সৌন্দৰ্য্য নিজৰাই
সকলোৰে হৃদয় জুৰাই
মউমিঠা
গান জুৰাই
মৃদু
মৃদু হাঁহে ৷
তাই ভাও শেষ কৰি
সাধুটিৰ
আধা বাটতেই
ৰূপালী
কাপোৰত
মিলি
যাওঁতেই,
হেঁপাহেৰে দৰ্শকে
থাকে
ৰৈ ৰৈ
বুজিও
নুবুজা হৈ
তাইৰে
কথাকেই
থাকে
কৈ
কৈ
৷
মুগ্ধ
–বিমুগ্ধ কৰা নাট্য-ধৰণী
চমক্
ছাঁয়া-অভিনেত্ৰী ৷
কলিকতা
০৩/০৬/১৯৪৩
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা
কবিতা]
[ইউনিক’ড
ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment