কটন কলেজত পঢ়িথকা সময়ত অতি মৰমৰ বাইদেৱেক কমলা বৰুৱাক বিয়া দি উলিয়াই দিয়াৰ কিছুদিনৰ পাছতেই মৃত্যু হোৱাত পাৰ্বতী প্ৰসাদে জীৱনৰ প্ৰথম বজ্ৰাঘাত পাই লিখিছিল...জোনাকৰ চকু পানীৰ সাধু কথা....
জোনাক জোনাক শীতল জোনাক
চাই মোৰ চকুলো সৰে
অন্তৰ মোৰ উগুল থুগুল
উদাস আকুল কৰে
.....
মনত পৰেহি কোনোবা পুৰণি
জোনাকী বিৰহ বেথা
মাধৈ-মালতী লতাৰ আঁৰৰ
গোপন মিলন কথা
....
মনৰ মাজত সুখ সোঁৱৰণী
অতীত মধুৰ জাগে
....
বাহিৰত সূদা ৰূপালী জোনাক
উৰুঙা উৰুঙা লাগে
....
জোনাক জোনাক শীতল জোনাক
চাই মোৰ চকুলো সৰে
অন্তৰ মোৰ উগুল থুগুল
উদাস আকুল কৰে
জোনাক জোনাক শীতল জোনাক
চাই মোৰ চকুলো সৰে
(ইউনিক'ডীয় ৰূপান্তৰ - দীপা ডেকা)
No comments:
Post a Comment