জোনাই যেন জোনাকত তাই গা ধুইছিল
নৈৰ সোঁতে যেন তাইক উটুৱাই নিছিল
খৰস্রোতা নৈত তাই গা এৰিছিল
অচিনাকি বলুকাত লাগি ৰৈছিল
বোকাৰ পুতলা যেন তাই হৈছিল ।
ক’ৰবাত এখনি উজনীয়া নাও পাই
পুনু যেন লাহে লাহে উভতিল তাই
নিজ সাজযোৰ হেৰুৱাই পেলাই
বোকাৰ কলঙ্ক গাত সানি ল’লে তাই
নঙঠা দেহা ঢকা বস্ত্র নেপাই
বোকাকে লিপি ল’লে দেহাটি লুকাই ।
(হঠাৎ) কিবা এটা দেখা যেন তাইৰ ভাব হয়
উগুল-থুগুল কৰি থমকি যে ৰয় ।
কাষলৈ গৈ দেখে বোকাত আছে ফুলি
নীৰৱে অকলে এটি পদুমৰ কলি ।
আলফুলকৈ তাই চিঙি ল’লে ফুল
শান্তিয়নী ব’লে তাইৰ বুৰাই দুকুল ।
তাকে লৈ আদ বাঢ়ি বিচাৰে পৰিচয়
পদুমৰ কলিটি পাছে নিমাত হৈ ৰয় ।
তাই ভাবে ফুলে শান্তি ফুলাতহে পায়
সেয়ে পৰিচয় পত্রৰ কোনো প্রয়োজন নাই ।
(ইউনিক'ডীয় ৰূপান্তৰ - স্যামন্ত কুমাৰ গোস্বামী)
No comments:
Post a Comment