অনুসন্ধান আকাংক্ষাত

Monday, October 22, 2012

বিংশ শতিকাৰ অস্তাকাশত দিনৰ চিতা জ্বলিবনে


বিংশ শতিকাৰ অস্তাকাশত

দিনৰ চিতা জ্বলিবনে ?

বিংশ শতিকাৰ অস্তাকাশত

দিনৰ চিতা জ্বলিবনে ?

একবিংশৰ  প্ৰথম প্ৰভাতে

দিগন্ত উজলাবনে ?

উজলাব !

উজলাব !

উজলাব !





দুটি শতিকাৰ সংগমে সংগমে

আশা নিৰাশাৰ গণনা.. !

লুকা-ভাকু খেলি

মৃত্যুৱে কৰে

বিশ্ব প্ৰেমৰ চলনা.. !


বিচ্চিন্নতাৰ গুটি সিঁচি সবে

নিবিৰ খেলেহে খেলিবনে ?

একবিংশ শতিকাৰ প্ৰথম প্ৰভাতে

দিগন্ত উজলাবনে ?

উজলাব !

উজলাব !

উজলাব !





পৃথিৱী এখন সৰু গাওঁ হ'ল

মহাকাশ ৰনাঙ্গণ.. !

গণ সংযোগে মুখা পিন্ধি নাশে

মূল্যবোধৰ ক্ৰন্দন !

দুটি শতিকাৰ সন্ধিক্ষণত

সত্যৰ জ্যোতি জ্বলিবনে ?

জ্বলিবনে ?

জ্বলিবনে ?





শীতৰ যুঁজৰ হেনো অন্ত পৰিল

পৃথিৱীত শান্তিৰ কপৌ পৰিল !


পিছে শীতলতাৰেই তলে তলে

উমি উমি উমি ক্ৰোধাগ্নি জ্বলিল

সেই সৰ্বনাশী জুই নুমাবনে ?

সেই শান্তিৰ ফুল হ'বনে ?

একবিংশৰ  প্ৰথম প্ৰভাতে

দিগন্ত উজলাবনে ?

উজলাব !

উজলাব !

উজলাব ... !




(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত)


No comments: