অনুসন্ধান আকাংক্ষাত

Sunday, October 28, 2012

তেজৰে কমলাপতি পৰভাতে নিন্দ


তেজৰে কমলাপতি পৰভাতে নিন্দ ৷

তেৰি চান্দ মুখ পেখো উঠৰে গোবিন্দ ৷৷



ৰজনী বিদূৰ দিশ ধৱলি বৰণ ৷

তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ ৷৷



শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায় ৷

ব্ৰজবধু দধি মথে তুৱা গুণ গাই ৷৷



দাম সুদামে ডাকে তেৰি লৈয়া নাম ৷

হেৰ দেখ উঠিয়া আসিল বলোৰাম ৷৷



নন্দ গেল বাথানে গোৱাল গেল পাল ৷

সুৰভী চাৰিতে লাগে উঠৰে গোপাল ৷৷



ক্ষীৰ লৱণু লৈয়ো শিঙা বেত বেণু ৷

সকালে মেলিয়ো বৎস হাম্বালাৱে ধেনু ৷৷



কহয় মাধৱ মাই কিনো তপসাইলা ৷

ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা ৷৷





(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত)
(ইউনিক'ড ৰূপান্তৰ : দিগন্ত শইকীয়া)

No comments: