সময়ৰ গাত আজি গণতান্ত্ৰিক তেজৰ কলংক
উদাৰ আকাশো আজি হিংসাৰ ধোঁৱাৰে পৰিপূৰ্ণ
শুনো এইখন মানুহৰ দেশ
মানৱী বেশেৰে দানৱী মনেৰে
মৄত মানৱ্তাৰ দেশ মোৰ আই অ
মৄত মানৱ্তাৰ দেশ
এইখন মানুহৰ দেশ
মানৱী বেশেৰে দানৱী মনেৰে
মৄত মানৱ্তাৰ দেশ মোৰ আই অ
মৄত মানৱ্তাৰ দেশ
শুকুলা সাজেৰে নেতা বহু ওলালে ৰাইজৰ সেৱা চুৰ কৰি
ৰাইজৰ সেৱা চুৰ কৰি
স্ৱাধীনতাৰ শ্ৰাদ্ধ শুনিলো কতনা
আৰুনো কিমান বাট চাবি মোৰ আই অ
আৰুনো কিমান বাট চাবি
এইখন মানুহৰ দেশ
সোলোং চাপৰিতে সহোদৰজনকে সহোদৰে নিচিনিলে হায়
বেলশৰতো ভাই সুভাষৰ শোণিতে মানৱতা ধুই নিলে
দেৱ মন্দিৰতো মানুহৰ তেজেই শতিকাৰ ইতিহাস লিখে
শতিকাৰ ইতিহাস লিখে
এইখন মানুহৰ দেশ
মানৱী বেশেৰে দানৱী মনেৰে
মৄত মানৱ্তাৰ দেশ মোৰ আই অ
মৄত মানৱ্তাৰ দেশ
অ মোৰ দেশৰ মানুহ, মানুহৰ কাৰণেই
মানুহৰ প্ৰয়োজন
কিয় তাকো পাহৰিব খোজা
গীতৰ ভাষাৰে মই বহু সকিয়ালো, তাক গীত বুলিয়েই মাথোঁ ললা
আৰু এতিয়াও জানো স্ৱজনৰ তেজেৰেই স্ৱদেশ সেমেকাই
তুলিবা
বিভেদৰ ৰাজনীতি চকুৰ আগত লৈ জানো দৰ্শক হৈয়ে ৰবা
বৰ্ণৰ সীমা ভাঙি মানৱী প্ৰেম ঢালি নিজৰ এই দেশ নগঢ়িবা
অ মোৰ দেশৰ মানুহ
অ মোৰ দেশৰ মানুহ
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ –
অৰুন্ধতী তালুকদাৰ)
No comments:
Post a Comment