অনুসন্ধান আকাংক্ষাত

Monday, October 22, 2012

পোহৰ বিলাসী পাহৰি নেযাবা এন্ধাৰতো আছে বহুজন


পোহৰ বিলাসী

পাহৰি নেযাবা

এন্ধাৰতো আছে বহুজন !

মহল নিবাসী

কেতিয়া শুনিবা

ভগা জুপুৰিৰ ক্ৰন্দন ?

ভগা জুপুৰিৰ.. ক্ৰন্দন ?!

পোহৰ বিলাসী

পাহৰি নেযাবা

এন্ধাৰতো আছে বহুজন !


মহল নিবাসী

কেতিয়া শুনিবা

ভগা জুপুৰিৰ ক্ৰন্দন ?

ভগা জুপুৰিৰ.. ক্ৰন্দন ?!



সহস্ৰ পঁজাৰ চাকি নুমুৱাই

সুখৰ দিপালী পাতিছাঁ !

সহস্ৰ পঁজাৰ চাকি নুমুৱাই

সুখৰ দিপালী পাতিছাঁ..!

সৰ্বহাৰাৰ চকুত ঘুমতি কাঢ়ি

সপোন ৰচিছাঁ...

সহস্ৰ পঁজাৰ চাকি নুমুৱাই

সুখৰ দিপালী পাতিছাঁ..!

সৰ্বহাৰাৰ চকুত ঘুমতি কাঢ়ি

সপোন ৰচিছাঁ..

তোমাৰ ঘুমতিয়ে কাল ঘুমতি হ'ব

বিচাৰৰো আহিলে ক্ষণ !

মহল নিবাসী

কেতিয়া শুনিবা

ভগা জুপুৰিৰ ক্ৰন্দন ?

ভগা জুপুৰিৰ.. ক্ৰন্দন ?!



প্ৰতি হুমুনিয়াহ ধুমুহা হ'ব

চৌপাশে জ্বলিব জুই !

প্ৰতি হুমুনিয়াহ ধুমুহা হ'ব

চৌপাশে জ্বলিব জুই !

দুখিতৰ চুকুলো প্ৰলয়ৰ বান হৈ

নিব যত অন্যায় ধুই !

নিব যত অন্যায় ধুই... !



মানুহৰ দুখ লৈ হেতেলি নেখেলিবা

সপোনত হৈ মগন.. !

মহল নিবাসী

কেতিয়া শুনিবা

ভগা জুপুৰিৰ ক্ৰন্দন ?

ভগা জুপুৰিৰ.. ক্ৰন্দন ?!

পোহৰ বিলাসী

পাহৰি নেযাবা

এন্ধাৰতো আছে বহুজন !


মহল নিবাসী

কেতিয়া শুনিবা

ভগা জুপুৰিৰ ক্ৰন্দন ?

ভগা জুপুৰিৰ.. ক্ৰন্দন ?!




(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত হৃদয়স্পৰ্ষী গীত)

No comments: