অনুসন্ধান আকাংক্ষাত

Sunday, September 2, 2012

গৌৰীপুৰীয়া গাভৰু দেখিলোঁ





গৌৰীপুৰীয়া গাভৰু দেখিলো

হাতী ধৰিবলৈ গৈ

হাতীও ধৰিলো তাইকো মুহিলো

সাতুৰি গদাধৰ নৈ হে

গৌৰীপুৰীয়া গাভৰু দেখিলো

হাতী ধৰিবলৈ গৈ

...

মহলৰ কাষতে

নৈৰে পাৰতে

আছিলে অকলে ৰৈ হে

গৌৰীপুৰীয়া গাভৰু দেখিলো

হাতী ধৰিবলৈ গৈ

.....

গোৱালপাৰাৰ হাতী-মহৰ

মাউত নানা স্থানৰ

তাৰেই মাজত মাথোন ম‍ই

শিবসাগৰৰ গাৱৰ

সেয়ে গভীৰ হাবিত গাইছিলো

বিহু বহাগৰ

কি গাইছিলো ?

পৰ্বতে পৰ্বতে বগাব পাৰো ম‍ই

লতানো বগাবলৈ

লতানো বগাবলৈ টান

বলীয়া হাতীকো বলাব পাৰো ম‍ই

বলীয়া হাতীকো বলাব পাৰো ম‍ই

তোমাকনো বলাবলৈ

তোমাকনো বলাবলৈ টান

গাভৰুৰ বলালো মন

লতাও বগালো

বিহু গায়েই অচিন সুন্দৰীৰ

চিত হৰি নিলো

কষ্ট কৰিলে ৰত্ন মিলিব

কথাটি শিকিলো

.....

হে গৌৰীপুৰীয়া গাভৰু দেখিলো

হাতী ধৰিবলৈ গৈ

হাতীও ধৰিলো তাইকো মুহিলো

সাতুৰি গদাধৰ নৈ হে

গৌৰীপুৰীয়া গাভৰু দেখিলো

হাতী ধৰিবলৈ গৈ

তেজক পানী কৰি কৰি

হস্তিনী ধৰিলো

ধৰাৰ পিছত মহলদাৰৰ

মাননী লভিলো

সেয়ে কইনাক দেখুৱামগৈ

দিখৌ নৈৰ পাৰ

....

হে গৌৰীপুৰীয়া গাভৰু দেখিলো

হাতী ধৰিবলৈ গৈ

হাতীও ধৰিলো তাইকো মুহিলো

সাতুৰি গদাধৰ নৈ হে

গৌৰীপুৰীয়া গাভৰু দেখিলো

হাতী ধৰিবলৈ গৈ





(ইউনিকডীয় ৰূপান্তৰ-দীপা ডেকা)

No comments: