অনুসন্ধান আকাংক্ষাত

Sunday, September 2, 2012

খুৰিদেউ অ’ আঘোণত চেৰা ভাত (বিহু-হুঁচৰি)





জয় অ’ ৰাম বোলা, (...নামতি)

জয় অ’ হৰি বোলা, (...সমজুৱা)

জয় অ’ হৰি বোলা, (...নামতি)

জয় অ’ ৰাম বোলা; (...সমজুৱা)

হে’ গৄহস্থৰ কোশলৰ অৰ্থে (...নামতি)

বোলা জয় হৰি বোলা | ...(সমজুৱা)



অ’ খুৰিদেউ ঐ

আঘোণত চেৰা ভাত

ঘৰতেই খালি,

পুহত চুঙা চাউল

তাতো নেমাতিলি | (...ভুপেন হাজৰিকা)



হে’ হে’ হেইয়া,

হে’ হে’ হেইয়া,

হে’ হে’ হেইয়া, হে’ই | ...(২ বাৰ..পুৰুষ স:)



খুৰিদেউ ঐ,

আঘোণত চেৰা ভাত

ঘৰতেই খালি,         (.. ভূ:হা:)

অ’ আঘোণত চেৰা ভাত

ঘৰতেই খালি,         (...পু:স:)

পুহত চুঙা চাউল

তাতো নেমাতিলি |  .....(২ বাৰ..ভূ:হা:১, পু:স:১)

মাঘত ভনীটিয়ে পিঠা দি ঠগিলে | (...ভূ:হা:)

মাঘত ভনীটিয়ে পিঠা দি ঠগিলে | (...পু:স:)

বহাগত আহিছোঁ হুঁছৰি গাবলে’, (...ভূ:হা:)

বহাগত আহিছোঁ হুঁছৰি গাবলে’  (...পু:স:)

ফুলামকৈ বিহুৱান যাচিবনো কোনে ?

মনে মনে জোঁৱাই ঘটিলি ছাগে’ ! (...ভূ:হা:)

মনে মনে জোঁৱাই ঘটিলি ছাগে’ ! (...পু:স:)

খুৰিদেউ ?                  (...ভূ:হা:)



খুৰিদেউ অ’,

আঘোণত চেৰা ভাত

ঘৰতেই খালি,

পুহত চুঙা চাউল

তাতো নেমাতিলি |

মাঘত ভনীটিয়ে পিঠা দি ঠগিলে |

বহাগত আহিছোঁ হুঁছৰি গাবলে’,

ফুলামকৈ বিহুৱান যাচিবনো কোনে ?

মনে মনে জোঁৱাই ঘটিলি ছাগে’ !

মনে মনে জোঁৱাই ঘটিলি ছাগে’ ! (...পু:স:)



হৌ হে’ হেইয়া,

হৌ হে’ হেইয়া,

হৌ হে’ হেইয়া, হে’ই | (২ বাৰ..পুৰুষ স:)



এঠা এঠা বৰা ভাত,    (...ভূ:হা:)

এঠা এঠা বৰা ভাত,    (...পু:স:)

মিঠালতাৰ তিতা পাত,   (...ভূ:হা:)

মিঠালতাৰ তিতা পাত,   (...পু:স:)

এঠা এঠা বৰা ভাত,

মিঠালতাৰ তিতা পাত,

জাপি বিহলঙণি,           (...ভূ:হা:)

জাপি বিহলঙণি;           (...পু:স:)

কলহত ৰাখিলি,            (...ভূ:হা:)

ঐ কলহত ৰাখিলি;          (...পু:স:)    

তাকে কাতি কৰি বাক ঐ বাক, (...ভূ:হা:)

তাকে কাতি কৰি বাক  |    (...পু:স:)



এঠা এঠা বৰা ভাত,

মিঠালতাৰ তিতা পাত;

এঠা এঠা বৰা ভাত,

মিঠালতাৰ তিতা পাত;

জাপি বিহলঙণি,

কলহত ৰাখিলি

ঐ জাপি বিহলঙণি

কলহত ৰাখিলি  

তাকে কাতি কৰি বাক ঐ বাক,

তাকে কাতি কৰি বাক |

তাকে কাতি কৰি বাক ঐ বাক,

তাকে কাতি কৰি বাক |      (...পু:স:)



নাচি ধুলি উৰাই যাম,

দেহাৰে ঘাম পেলাই যাম |    (...ভূ:হা:)

নাচি ধুলি উৰাই যাম,

দেহাৰে ঘাম পেলাই যাম |    (...পু:স:)

আজি হ’লে নেৰিছোঁ,

ৰঙা-নীলা দেখুৱাম |       (...ভূ:হা:)

আজি হ’লে নেৰিছোঁ,

ৰঙা-নীলা দেখুৱাম |       (...পু:স:)



নাচি ধুলি উৰাই যাম,

দেহাৰে ঘাম পেলাই যাম |



আজি হ’লে নেৰিছোঁ,

ৰঙা-নীলা দেখুৱাম | ...(৭ বাৰ...পু:স:)




(ইউনিক’ডীয় ৰূপান্তৰ-প্ৰাঞ্জল বড়া)

No comments: