অনুসন্ধান আকাংক্ষাত

Sunday, September 2, 2012

গংগা মোৰ মা পদ্দাও মোৰ মা




গংগা মোৰ মা

পদ্দাও মোৰ মা

মোৰ চকুলোৰে

দুটি ধাৰা মেঘনা যমুনা



......

গংগা মোৰ মা

পদ্দাও মোৰ মা

মোৰ চকুলোৰে

দুটি ধাৰা মেঘনা যমুনা



.....

একেই আকাশ

একে বতাহ

দুই কলিজাত

একেই উশাহ



দুটি চৰাইৰ

দুটি মাতত

দুটি চৰাইৰ

দুটি মাতত

একেই মূৰ্চনা

একেই মূৰ্চনা

মোৰ চলোৰে

দুটি ধাৰা মেঘনা যমুনা



......

ইপাৰ সিপাৰ

কোন পাৰে নেজানো

ম‍ই চৌপাশতে আছো

লুইততে নাও মেলিও

পদ্দাৰ ভাতৃ আলি ৰচো

ৰাজহংস পাখী মেলি

ম‍ই দুই নদীতে নাচো

ইপাৰ সিপাৰ

কোন পাৰে নেজানো



একেই প্ৰেম

একেই আশা

কান্দোন হাঁহিৰ

একেই ভাষা

সুখ দুখৰ

বুকুৰ মাজত

সুখ দুখৰ

বুকুৰ মাজত

একে যন্ত্ৰাণা

একে যন্ত্ৰাণা

মোৰ চকুলোৰে

দুটি ধাৰা মেঘনা যমুনা





(ইউনিকডীয় ৰূপান্তৰ-দীপা ডেকা)

No comments: