গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা,
শুনাইছিলা গনেশ গগৈৰ
প্ৰেমৰ কবিতা,
আজি মনত পৰেনে..
গুৱাহাটীৰ কোনোবা এটি...
মোক আঁকোৱালি ছাৱনি মিলাই
কৈছিলা মধু আবেগেৰে,
তোমাৰ প্ৰাণৰ পাপৰি ঢালি
সজাবা শৰ্য্যা দুয়োৰে
আজি মনত পৰেনে..
গুৱাহাটীৰ কোনোবা এটি...
লুইত বাগৰি বাগৰি গ'ল
ভৰলুমুখত গধূলি হ'ল,
অস্তাচলৰ দিগন্তত
প্ৰতিশ্ৰুতিও বিলীন হ'ল,
আজি মনত পৰেনে..
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা...
(ইউনিক’ডীয় ৰূপান্তৰ-গীতাৰ্থ বৰদলৈ)
No comments:
Post a Comment