অনুসন্ধান আকাংক্ষাত

Monday, August 6, 2012

আহ আহ ওলাই আহ সজাগ জনতা



আহ আহ ওলাই আহ সজাগ জনতা 

আহ আহ ওলাই আহ পোহৰ আনোতা
 
ৰামৰে দেশতে থকা ৰাৱণ বধোতে
 
যায় যদি যায় জীৱনটো যাক ৷



সমুখৰে সেনাপতি থমকি জিৰালে
 
কিনো হব সেনানীয়ে ভাবিলে গুনিলে
 
লা কাকতী ফৰিং নাশোগৈ আহ

আহ আহ ওলাই আহ সজাগ জনতা 

আহ আহ ওলাই আহ পোহৰ আনোতা
 
ৰামৰে দেশতে থকা ৰাৱণ বধোতে
 
যায় যদি যায় জীৱনটো যাক ৷



শুন বুভুক্ষ শিশুৰে আৰ্তনাদ
 
সেয়ে তিল তিল মৃত্যুৰ আনে সংবাদ
 
শুন বুভুক্ষ শিশুৰে আৰ্তনাদ
 
সেয়ে তিল তিল মৃত্যুৰ আনে সংবাদ
 
সেই সংবাদ শুনিও বধিৰ কিয়?
 
তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ?

সংগ্ৰাম আন এটি নাম জীৱনৰে
 
ইতিহাসে চিঞঁৰে জয় জনতাৰে
 
ত্ৰাস এৰি দানৱকে বধোগৈ আহ

আহ আহ ওলাই আহ সজাগ জনতা 

আহ আহ ওলাই আহ পোহৰ আনোতা
 
ৰামৰে দেশতে থকা ৰাৱণ বধোতে
 
যায় যদি যায় জীৱনটো যাক ৷৷



(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ- দিগন্ত শইকীয়া )

No comments: