(ভিক্ষাৰ গীত)
স্বাধীনতাৰ হকে প্ৰাণ পুৰি মাৰে
দেশৰ দুখে দেখি
কান্দে হিয়াই
ভিখাৰে জুলি লৈ ওলায়ে আহিছোঁ
বিমুখ নকৰিবা
আমাকে আই ৷
আমি তিয়াগিছোঁ বিষয়ে বাসনা
অগনি লুইতত
প্ৰাণে উটাই
গৃহস্থৰ ঘৰৰে লখিমী বোৱাৰী
অন্ন এমুঠি দিয়া
বিলাই ৷
দেশৰ দুখে দেখি লুইতে বিনাইছে
কাৰ চকুলোনো
পাৰে নবই
অহিংস যুঁজৰে ৰণৰ ৰণশিঙাই
মাতে ঘনাই ঘনাই
যাৱেঁ
বেগাই
বিমুখ নকৰিবা
আমাকে আই ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment