সৌ সন্ধিয়াৰ সোণ দেশলৈ
ৰূপৰ নাৱত যাবি
সাত বৰণৰ সাত কইনা
তাতে লগ পাবি ৷
তাতে তৰিছে নীল আকাশৰ ৰভা
তাত নুফুলাৰ ৰূপ মাধুৰীয়ে
ফুলিবলে’ পাতে সভা ৷
তাত সন্ধিয়াই দেখে
পুৱাৰ সপোন
তাকে কৰি লৈ নিজৰ আপোন
তই পৃথিৱীত বিয়পাই দিবি
অহা কালিৰ বিভা
আজি সন্ধিয়া নতুন পুৱাৰ শোভা ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ১২/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment