অনুসন্ধান আকাংক্ষাত

Sunday, August 19, 2012

অ' আমাৰ গাঁও (গাঁৱলীয়া সেৱকৰ গীত)

অ' আমাৰ গাঁও

আমাৰ গাঁৱৰ মান ৰাখি

       মৰিবলৈ যাওঁ ৷

অ' আমাৰ গাঁও ৷


সেউজীয়া পথাৰৰে

ভৰপূৰ তামোলৰে

দূৰৈতে জিলিকি থকা

অ' আমাৰ গাঁও ৷


দেশৰ হকে মৰিব পৰা

আমাৰ গাঁৱৰ ডেকা ল'ৰা

ডেকেৰীও নহয় পাছ পৰা

অ' আমাৰ গাঁও ৷


ৰাইজ মৰিলে মৰিম আমি

ৰাইজ তৰিলে তৰিম

দেশৰ হকে সৰ্ব্বত্যাগী

আগবাঢ়ি যাওঁ

অ' আমাৰ গাঁও ৷৷


[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গাঁৱলীয়া সেৱকৰ গীত]
[ইউনিক’ড ৰূপান্তৰ:  দিগন্ত শইকীয়া]