অনুসন্ধান আকাংক্ষাত

Sunday, August 19, 2012

ৰাষ্ট্ৰবিপ্লৱৰে আজি কৰা মহাসূত্ৰপাত

ৰাষ্ট্ৰবিপ্লৱৰে আজি কৰা মহাসূত্ৰপাত

জীৱনৰে মহান লগ্ন.... শুনা পীড়িতৰ আৰ্ত্তনাদ ৷

পৰাধীন জীৱন ভষ্ম মুক্তি যুঁজতে কৰা ইবাৰ

উদ্ধাৰিবা ভাৰত জননী চূৰ্ণীত কৰি কাৰাগাৰ ৷

আগবাঢ়ি আহা সবে

           মাতৃ বলি হবলৈ,

ত্ৰিবৰ্ণ পতাকাৰ হকে

           ব'ক সহস্ৰ তেজৰে নৈ ৷

ভাৰতৰে মুক্তি যুঁজত তুমি সৈনিক

           হোৱাগৈ

বজ্ৰেৰে বান্ধাহে বুকু

           আহা নাচাবা পাছলৈ ৷

দলে দলে যত ডেকা

           আহা আজি ৰণলৈ

শঙ্কা নকৰা শঙ্কা নকৰা

           ধৰ্ম্ম যুঁজৰ হবহে জয় ৷

বোলা সকলো ভাৰতীয় মন্ত্ৰ "বন্দেমাতৰম্‌' ৷

গোৱা একেলগে মিলি "জয় স্বতন্ত্ৰ ভাৰতম্‌" ৷৷



[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত]
[ইউনিক’ড ৰূপান্তৰ:  দিগন্ত শইকীয়া]

No comments: