অনুসন্ধান আকাংক্ষাত

Sunday, August 19, 2012

বিশ্ববিজয়ী নৱ জোৱান (সমদল গীত)


বিশ্ববিজয়ী নৱ জোৱান,বিশ্ববিজয়ী নৱ জোৱান

শক্তিশালিনী ভাৰতৰ...

                   ওলাই আহাঁ, ওলাই আহাঁ

                   সন্তান তুমি বিপ্লৱৰ ৷


সমুখ সমৰ সমুখতে

          মুক্তি যুঁজাৰু "হুঁচিয়াৰ"

মৃত্যু বিজয় কৰিব লাগিব

          স্বাধীনতাৰ খুলি দুৱাৰ ৷

অগ্নিবৃষ্টি আহিব লাগিছে
        
          গৰজিছে বজ্ৰপাত

শিলাবৃষ্টি ভূমিকম্প

          হব সহস্ৰ উল্কাপাত ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: