অনুসন্ধান আকাংক্ষাত

Tuesday, August 14, 2012

মই এটি যাযাবৰ


মই এটি যাযাবৰ !

মই এটি যাযাবৰ !

ধৰাৰ দিহিঙে দিপাঙে লৱৰোঁ নিবিচাৰি নিজা ঘৰ

মই এটি যাযাবৰ

মই এটি যাযাবৰ ... ৷



মই লুইতৰপৰা মিছিছিপি হৈ ভল্‌গাৰ ৰূপ চালোঁ !

অটোৱাৰপৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাবটি ললোঁ;

মই ইলোৰাৰপৰা পুৰণি ৰহণ চিকাগোলে কঢ়িয়ালোঁ !

গালিবৰ শ্বেৰ দুশ্বম্বেৰ মীনাৰত শুনা পালোঁ.. !

মাৰ্ক টোৱেনৰ সমাধিত বহি গৰ্কীৰ কথা কলোঁ

বাৰে বাৰে দেখোঁ বাটৰ মানুহো আপোন হৈছে বৰ !

সেয়ে মই যাযাবৰ

সেয়ে মই যাযাবৰ... !



বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিচে আছে পণ !

ৰঙৰ খনি যতেই দেখিছোঁ ভগাই দিয়াৰ মন

বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিচে আছে পণ !

ৰঙৰ খনি যতেই দেখিছোঁ ভগাই দিয়াৰ মন

মই দেখিছোঁ অনেক গগনচুম্বী অট্টালিকাৰ শাৰী

তাৰ ছাঁতেই দেখিছোঁ কতনা গৃহহীন নৰ-নাৰী

মই দেখিছোঁ কিছু ঘৰৰ সমুখ বাগিছাৰে আছে ভৰি !

আৰু দেখিছোঁ মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি

বহু দেশে দেশে গৃহদাহ দেখি চিন্তিত হওঁ বৰ

মনৰ মানুহ বহুতেই দেখোঁ ঘৰতে হৈছে পৰ

সেয়ে মই যাযাবৰ

সেয়ে মই যাযাবৰ

ধৰাৰ দিহিঙে দিপাঙে লৱৰোঁ নিবিচাৰি নিজা ঘৰ

সেয়ে মই যাযাবৰ..

মই এটি যাযাবৰ .. !



কথা:           মই এটি যাযাবৰ

                   ধৰাৰ দিহিঙে দিপাঙে লৱৰোঁ

                   নিবিচাৰি নিজা ঘৰ  ৷৷



(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত)
(ইউনিকডীয় ৰূপান্তৰ দিগন্ত শইকীয়া )

No comments: