অনুসন্ধান আকাংক্ষাত

Friday, August 10, 2012

তোমাৰ উশাহ কঁহুৱা কোমল



তোমাৰ উশাহ কঁহুৱা কোমল  

শেৱালি কোমল হাঁহি

হাঁহিৰে হৃদয় হৰিলে শুনাই              

এটি কিবা মিঠা বাঁহী ,

শাৰদীয়া চেনেহীৰে

কঁকাল ইমান লাহী

তোমাৰ উশাহ কঁহুৱা কোমল  

শেৱালি কোমল হাঁহি !



হঠাৎ আজি গালোঁ মই

মৰম সনা গীত

তাকে শুনি চেনেহীৰে

উখল-মাখল চিত,

বালিত নাচে আমাক জোকাই

এটি সৰু বালিমাহী !

তোমাৰ উশাহ কঁহুৱা কোমল  

শেৱালি কোমল হাঁহি !


ৰুণুক- জুণুক সৰা পাতত

নিয়ৰ সৰি পৰে

গালে মুখে নিয়ৰ সানি

ধেমালিখন কৰে,

শেৱালিৰে বিচনাতে আমি দুয়ো শুলোঁ

শুই শুই মেঘৰ আঁৰৰ

শৰালি গণিলোঁ,

এহাল হাঁহে আদৰিলে

হঠাৎ নামি আহি,

তোমাৰ উশাহ কঁহুৱা কোমল  

শেৱালি কোমল হাঁহি

হাঁহিৰে হৃদয় হৰিলে শুনাই              

এটি কিবা মিঠা বাঁহী ,

শাৰদীয়া চেনেহীৰে

কঁকাল ইমান লাহী

তোমাৰ উশাহ কঁহুৱা কোমল  

শেৱালি কোমল হাঁহি !



(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীতটি)
(ইউনিক'ডীয় ৰূপান্তৰ- দিগন্ত শ‍ইকীয়া)

No comments: