হে
বান্ধ’ মই নিৰুপায় !
হে কি
কৰোঁ কি কৰোঁ উপায় ?
কোৱাঁ
কৰো কি উপায়
ভালপোৱা
নিষ্ঠুৰ দানৱ
ধৰেহি
সদায় বান্ধ !
মই
নিৰুপায় ৷
কি
কৰোঁ কি কৰোঁ উপায় !
কোৱাঁ
কৰো কি উপায়
ভালপোৱা
নিষ্ঠুৰ দানৱ
ধৰেহি
সদায় বান্ধ !
মই
নিৰুপায় ৷
কি
কৰোঁ কি কৰোঁ উপায় ?
বৰ
পোৰণি আছে বান্ধ,
ফেঁটী
সাপৰ বিষত !
তাৰো
অধিক কষ্ট বান্ধ’
ৰমণীৰে
ৰূপত !
প্রিয়াৰ
বাহুলতাৰ
প্রিয়াৰ
বাহুলতাৰ !
অগনি....
দেখোঁ
নুনুমায়
কি
কৰোঁ কি কৰোঁ উপায় !
কোৱাঁ
কৰো কি উপায়
কি
কৰোঁ কি কৰোঁ উপায় ?
প্রেম জ্বৰ
সন্নিপাতৰ
নাই
কবিৰাজটি
পালাবলৈ
গৈ খাওঁ
বাৰে
বাৰে উজুটি
পালাবলৈ
গৈ খাওঁ
বাৰে
বাৰে উজুটি
শিকলিৰে
বান্ধা বান্ধ
মন-ব’হাগৰ কুলি
মন-ৰমণীক
মন
নিদিলে !
যাব
বান্ধোন খুঁলি
প্রিয়াৰ
কাজল চকুৰ
প্রিয়াৰ
কাজল চকুৰ !
চাৱনি.....
!
ধমনীত
সোমায় !
কি
কৰোঁ কি কৰোঁ উপায়
কোৱাঁ
কৰোঁ কি উপায় ?
ভালপোৱা
নিষ্ঠুৰ দানৱ
ধৰেহি
সদায় বান্ধ !
মই
নিৰুপায় ৷
কি
কৰোঁ কি কৰোঁ উপায়
হে মই
নিৰুপায় !
হে
মই.. নিৰুপায় ....
হে.. মই.. নিৰুপায় .... ৷৷
(গুৱাহাটী: ২০ মে, ১৯৬৯ চন)
(ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া)
No comments:
Post a Comment