মোৰ গানত জ্বলে
তোৰেই মনৰ জুই
মই সেই জুইৰেই চাকি জ্বলাই
তোৰ শিতানত বহি থাকো
তই থাকোতে শুই ৷
তোৰ টোপনিৰ সপোনবোৰত
মোৰ চাকিৰ পোহৰ পৰে
(তোৰ) নিজিলিকা মনৰ ছবি
উজ্জ্বল সুজ্জ্বল কৰে
সাৰ নোপোৱা সপোনবোৰে
মোৰ চাকিটোৰ জিলিকনিত
অময়া ৰূপ ধৰে ৷
সেই সপোনৰ জলক্ লাগি
মোক বিচাৰি আই
মোক চিনি নাপাই হাঁহ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ১২/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment