মোৰ গানত আছে
সোণ সপোনৰ
সাৰ নোপোৱা ৰূপ
মোৰ গানত উৰে
বিশ্ব পূজাৰ
গন্ধময়ী ধূপ ৷
মোৰ গানত আছে
নতুন দিনৰ
ন কইনা শুই
তাই বুকুত আছে
তিনিও
ভুৱন
পোহৰ
কৰা জুই ৷
অহা কালিৰ ধলপুৱাতেই
তাই
যে সাৰ পাব
নতুন
দিনৰ নতুন ফুলৰ
গুটি
সিঁচি যাব ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ১৪/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment