মোৰ গানত জ্বলে 
শত যুগৰ কত অভিমান
মোৰ গানে বিচাৰে
চিৰ দুখীয়াৰ
          চিৰ পৰিত্ৰাণ ৷
মোৰ গানত গুমৰি
          ভূঁইকঁপ
কৰে
                   পৃথিৱীৰ
নিৰ্ব্বাণ
মোৰ গানৰ জুয়ে জগত পুৰিব
                   দুষ্কৃত সাৱধান ৷         
মোৰ অস্থিৰে মই ৰচিছোঁ বজ্ৰগান ৷
          প্ৰালয়িকী
মোৰ জাগিছে ছন্দ
                   কৃতান্ত
মূৰ্ত্তিমান
গানেৰে মই বিশ্বজীৱন
          কৰি
আছোঁ আহ্বান ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত ; ০৮/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ: 
দিগন্ত শইকীয়া)
No comments:
Post a Comment