মা, মই
আজি
সোণ
বৰণৰ
সপোন দেখিলোঁ
তোৰ
আঙুঠিৰ ৰঙা বাখৰ
পাখি পিন্ধি উৰা দেখিলোঁ ৷
মা,
অ’ মা
তোৰ যে মা
ৰঙা বগা হালধীয়া
কেচৰছীয়া
ৰিহা এখন
আছিল
তাৰ
নিচিনা
চৰাই এটাই
মোৰ কাষলৈ আহিল ৷
মা,
অ’ মা
মই টুক্ বুলিলে
সি কুতুক্ কুতুক্ কৰে
আৰু
ঘুৰ বুলিলে
লৰমাৰি গৈ ফুৰ-ফুৰকৈ উৰে
বুইছ’
মা, তাৰ চকু দুটা
ঠিক, তোৰ আঙুঠিৰ বাখৰ
আৰু
গোটেই গাতে অঁকা বঁকা
সোণৰ-ৰূপৰ আখৰ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment