যাউতিযুগীয়া
ধনে মোৰ অ’
প্ৰাণতে দিলা মোক মৰম কুমলীয়া
মনত ভালে পোৱা অ’
প্ৰাণৰ ধনে
যাউতিযুগীয়া ধনে মোৰ অ’ ৷
স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া
কল্পনা পূৰাই দিলা মোক অ’
যাউতিযুগীয়া
ধনে মোৰ অ’ ৷
ভাৱত অগণনে হুমুনিয়া
অময়া সৌন্দৰ্য্য জীৱন উপচোৱা
থবলৈকে ঠায়ে নোজোৰে অ’
যাউতিযুগীয়া
ধনে মোৰ অ’ ৷
সুখ বিনন্দীয়া মৰণতে বাকি
সৰগী সপো টোপনিতে গঢ়ি দিলা মোক অ’
যাউতিযুগীয়া
ধনে মোৰ অ’ ৷
বুজা-নুবুজাৰে হাঁহি কান্দোনৰে
জীৱণত পাতিলা মেলা মোৰ অ’
যাউতিযুগীয়া
ধনে মোৰ অ’ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment