মা, মই
আজি আকৌ এটা
সপোন দেখিলোঁ
নীল সাগৰত ঢউৰ সতে
সোণৰ ৰূপৰ দুটা মাছে
খেলা দেখিলোঁ ৷
মা, তই যে পিন্ধ দুগদুগীখন
তাৰ ৰঙা বগা বাখৰ
তেনেকুৱাই জিক্মিকিয়া
ছলঙ এখন কাছৰ
বৰ বহল দীঘল ডাঙৰ
ছলংখনে ওভোতা খাই
মোক বহুৱাই ললে
মাছ দুয়োটাই টানি নিলত ফিৰ্ফিৰ্কৈ
গ’লো ৷
খুব বেগেৰে যাওঁতে মা শিলত
খুন্দা খালোঁ
উচাপ খাই উঠি তোৰ কোলাত সাৰ পালোঁ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment