মোৰ গানটো আছিল
বহীৰ পাতত
লগতে
আছিলে সুৰ
সুৰৰ সতে ছন্দ আছিল
জীৱন জুইৰে
পূৰ ৷
ছন্দ পিছে উতলি উঠিলে
সুৰে মনে মনে গুমৰিলে
বহীতে বন্দী
বুলি
দুয়ো গুচি গ’ল
দেশ বিদেশলে’
উৰাই সোণৰ
ধূলি ৷
গানো বোলে আৰু বহীত নাথাকে
লগ বিচাৰিহে
যাব
বিচাৰি বিচাৰি
সিহঁতক গৈ
কতনাজনৰ কত অন্তৰত
কতনাজনৰ কত ভিতৰত
জিৰাই থাকোতে
পাব ৷
ছন্দ বিচাৰি
সুৰ বিচাৰি
মোৰ গান যাব
যাব ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment