মোৰ গানটো যদি
গাঁৱৰ
ল’ৰাই গাৱ
মোৰ সুৰত যদি
তোৰেই
নিজৰ
প্ৰাণৰ
হেঁপাহ পাৱ
মোৰ
গানটো যদি
গাঁৱৰ
ল’ৰাই গাৱ ৷
মোৰ মনটো যদি
তোৰেই
নিজৰ আপোন কৰি লৱ
তোৰ থাপনাত মই জ্বলোৱা
চাকিটোও
থৱ
মোৰ গানেৰে পোহৰ কৰা
বাটটো
চিনি লবি
মন ধুনীয়া গাঁৱৰ ল’ৰা
পৃথিৱীৰেই
চকুত পৰা
হীৰা
মাণিক হবি
বাটটো
চিনি লবি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ১১/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment