অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

দুখৰ ঐ উপৰি দুখ মোৰ ৰাইজ ঐ (দ্বৈত কন্ঠত)


ভূ:হা:  অ ........ (আলাপ)

দুয়ো:   দুখৰ উপৰি দুখ মোৰ ৰাইজ ঐ
লুইতত উটিলে জাঁজী..
আমাৰে দেশখন হল মৰিশালি
পানী নাই পথাৰত আজি !
ভূ:হা:  কিনো দিন পৰিলে
কিনো দিন পৰিলে
কিনো দিন পৰিলে আজি ৷
নাৰী:    ৰহদৈয়ে ঢাকুৰে .. !
ভূ:হা:  ভোগায়ে চিঞৰে !
দুয়ো:   পেঁপাটি নেবাজে আজি..!
শিৱৰে দেউলত দবা নাইকিয়া      
            বা- কাঁহ নুঠে বাজি
ভূ:হা:  কিনো দিন পৰিলে
কিনো দিন পৰিলে
কিনো দিন পৰিলে আজি ৷

ভূ:হা:  বৰঘৰ মজিয়াত
সাপে বাহ ললে
(অ)বননি উঠিলে গজি
কাৰনো ৰৰে বুকুতে উঠিছে
দুখৰে সুৰটি বাজি...!

ভূ:হা:  কোম্পানী আহিলে চৰাঘৰ মুখলৈ       (নাৰী: অ...... আলাপ)
এখন্তেক বহোঁ দেই বুলি                      (নাৰী: অ...... আলাপ)
নাৰী:    কোম্পানী আহিলে চৰাঘৰ মুখলৈ       (ভূহা:  অ.... আলাপ)
এখন্তেক বহোঁ দেই বুলি                      (ভূহা:  অ.... আলাপ)
দুয়ো:   ৰাঘৰ পাৰ হৈ বৰঘৰ সোমালে
শেলেৰে বুকুতে হানি !

ভূ:হা: ৰংঘৰ সমুখত ৰহইছ নাইকিয়া
ৰংবোৰ উৰিলে কেনি মোৰ দেউতা
তলাতল ঘৰতে বন্যা এতিয়া
এন্ধাৰে ধৰিলে ছানি মোৰ দেউতা
এন্ধাৰে ধৰিলে ছানি
দুয়ো:   ৰংঘৰ সমুখত ৰহইছ নাইকিয়া
ৰংবোৰ উৰিলে কেনি মোৰ দেউতা
তলাতল ঘৰতে সুৰ নাই এতিয়া
এন্ধাৰে ধৰিলে ছানি মোৰ দেউতা
এন্ধাৰে ধৰিলে ছানি !

ভূ:হা:  পানী টোপাটোপে পৰে মোৰ চকুলো     (নাৰী: অ...... আলাপ)
            বুকুৰ চোন সেন্দুৰি তুলি                      (নাৰী: অ...... আলাপ)
নাৰী:    পানী টোপাটোপে পৰে মোৰ চকুলো     (ভূহা:  অ.... আলাপ)
            বুকুৰ চোন সেন্দুৰি তুলি                      (ভূহা:  অ.... আলাপ)
দুয়ো:   টোপ জ্বুই একোৰা তেজেৰে জ্বলোৱা
            অসমী উটিব ভাহি !
ভূ:হা:  কিনো দিন পৰিলে
কিনো দিন পৰিলে
কিনো দিন পৰিলে আজি
নাৰী:    অ , অ
দুয়ো:   অ , অ
            অ , অ
            অ , অ
            অ , অ..৷৷


(থাছবিঃ পিয়লি ফুকন, ১৯৫৫ চন )
(কণ্ঠঃ ভূপেন হাজৰিকা আৰু গুণদা দাস কৌৰ)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: