(কথা:-বাহিৰ বিশ্ব যেতিয়া নিমাত, তেতিয়া দুজনে মুখামুখি হৈ কেইটিমান মৰমী মুহূৰ্ত্তক , প্রেমক পৱিত্র জ্যোতিপ্রপাতলৈ পৰিণত কৰে , বোধ হয় এনেকৈ ...)
গীত:-
গাভৰু: দুয়ো মুখামুখি অতি সুখে সুখী...
দুয়ো: দুয়ো মুখামুখি অতি সুখে সুখী
গাভৰু:বাহিৰ
বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত
দুয়ো: এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ
জ্যোতিপ্রপাত !
গাভৰু:দুয়ো
মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত
গাভৰু : তুমি আহাঁ ওচৰলে’ আহাঁ
গাভৰু : তুমি আহাঁ ওচৰলে’ আহাঁ
মৰণ পিচলে’ ঠেলি
প্রকৃতি পুৰুষ একাকাৰ হৈ
প্রকৃতি পুৰুষ একাকাৰ হৈ
দুয়ো: আনা নতুনৰ বেলি
আমাক নেলাগে
সংঘাত !
গাভৰু: এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ
জ্যোতিপ্রপাত !
দুয়ো: দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত !
বাহিৰ বিশ্ব নিমাত !
ডেকা: তোমাৰ এন্ধাৰ কেশৰ দৈঘ্যই
দিগন্ত ধৰিছে ঢাকি
দিগন্ত ধৰিছে ঢাকি
তাৰ ফাঁকে ফাঁকে মোৰ নয়নে
অমৃত দিছে বাকি !
তোমাৰ এন্ধাৰ কেশৰ দৈঘ্যই
দিগন্ত ধৰিছে ঢাকি
দিগন্ত ধৰিছে ঢাকি
তাৰ ফাঁকে ফাঁকে মোৰ নয়নে
অমৃত দিছে বাকি !
গাভৰু: তুমি আহাঁ ওচৰলে আহাঁ..
গাভৰু: তুমি আহাঁ ওচৰলে আহাঁ
ভাঙি প্ৰাচীৰ
বাধাৰ
কৰি মন্থন অমৃত সাগৰ
কৰি মন্থন অমৃত সাগৰ
অনন্ত সুৰ আধাৰ
আমাক নেলাগে
সংঘাত !
দুয়ো: এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ
জ্যোতিপ্রপাত !
গাভৰু: দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব
নিমাত
বাহিৰ বিশ্ব
নিমাত
দুয়ো: এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ
জ্যোতিপ্রপাত !
গাভৰু: দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব
নিমাত
বাহিৰ বিশ্ব
নিমাত
বাহিৰ বিশ্ব নিমাত ৷৷
(দেৰগাঁও, ২৬ এপ্রিল , ১৯৯২ চন)
(ভূপেন হাজৰিকাদেৱ আৰু লতা মঙ্গেচ্কাৰৰ কন্ঠেৰে নিগৰিত গীত)
No comments:
Post a Comment