অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

দিহিঙে - দিপাঙে আজীৱন ঘুৰিলো


দিহিঙে - দিপাঙে
আজীৱন ঘুৰিলো
জীৱনৰ টোকাৰী বাই ৷
শতিকা শেষত
থমকি চাওঁ জে
মৰণৰ তোৰণ নাই ৷৷

        জীৱণ গলিল
        মৰণ গলিল
        কোন যে কাহানি যায় ৷
        দেহতত্ত্বৰো তত্ত্ব লুকাল
        মানুহে মানুহক খায় ৷৷

নতুন শতিকা আহিলেই দেখৌঁ
আৰুতো অধিক পৰ নাই ৷
অনীতিৰ সাগৰত দেশখন বুৰিছে
ধৰিবৰ তৃণ কুটা নাই ৷৷

মোৰ অসমী
মানুহে মানুহক খায়
মৰণৰ তোৰণ নাই ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: