অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

দিখৌৰ বুকুতে সেউজী মাজুলী


দিখৌৰ বুকুতে সেউজী মাজুলী
ৰ’দত মিচিকিয়াই হাঁহে ... অ’ চেনাই অ’
তাৰে যে পঁহাকণ ধুনীয়া অকণমান
ৰহদৈ ওমলে তাতে... অ’ চেনাই অ’ ৷

মাজুলীৰ কঁহুৱাই বেলিৰ ফাকু সানি
কঁকাল ভাঙি ভাঙি নাচে
হিয়াৰে ৰহদৈ উমলি- জামলি
হিয়াৰ কাচন কাচে ... অ’ চেনাই অ’ ৷

কোমল হাত – বাউলি দি
মোকেনো ৰিঙিয়াই হিয়াৰ কেঁচাসোণ বোলে
কেনেকৈ পাৰ হওঁ নাও নাইকিয়া
বেলিও পৰোঁ কৰে ... অ’ চেনাই অ’ ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: