দলিত ভাৰতৰ আশাৰ
প্রতীক
জয় মহাত্মা
গান্ধী
মোহন ৰূপে জগত
মুহিলাঁ
প্রেমৰ ডোলেৰে
বান্ধি ৷
সৰ্ব্বধৰ্ম্মৰেই
অৰ্থ বুজিলাঁ
বিশ্বপ্রেমেৰেই
মথি
মানৱতাৰ জ্যোতি
মহান
প্রচাৰি অমৃত
বাণী ৷
অৰ্দ্ধহাৰী কৃষক
ৰূপেৰে
কিঞ্চিত
বস্ত্রধাৰী
শান্ত সৌম্য
ক্ষীণ দধীচি
কাম-ক্রোধ-লোভ
ত্যাগি
অকলশৰে বন্তি জ্বলালাঁ
দুখৰ এন্ধাৰ
নাশি ৷৷
(গুৱাহাটী: আগষ্ট, ১৯৪৭ চন)
(ভূপেন হাজৰিকাদেৱৰ
কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment