অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

বহাগৰে প্রথম পুৱা


বহাগৰে প্রথম পুৱা
নকৈ গাভৰু হোৱা
এপাহি কপৌ ফুলে
কাণে কাণে ভোমোৰাক যেন কলে, কলে:
মই ফুলিলোঁ হে
এই ফুলিলোঁ হে
(মোৰ) পাতগাভৰুৰ মন
কুমলীয়া মই, একোকে নাজানো
নুশুহিবা মধুকণ ৷

যোৱাঁনা আন ফুলৰ ফালে
সিহঁত আগতে ফুলিলে
কৃষ্ণচূড়াৰ মৌ চুহা না
এজাৰেও বুকু উদঙালে ৷
ফুলি আছে, দেখা নাই জানো
ধুনীয়া ফুলনি খন ?
বিহুৱা ঢোলৰ লগতে সৌৱা
নাচনীৰ দেহাৰ লাস চোৱাঁ
বহাগতে বলিয়া হোৱা
পাত গাভৰু লাজ চোৱাঁ

পাতগাভৰুৰ লেখিয়া মই
এপাহ কপৌ ফুল হে মই
মোক নকবা আমনিখন ৷

(কলকাতা, দুই মাৰ্চ, ১৯৭৯ চন)
(ভূপেন হাজৰিকাদেৱৰ সুৰ+ৰচিত, পম্পা গগৈৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: