অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

বলা ভাই আগুৱাই


বলা ভাই ..আগুৱাই..
অতি উচ্চ
অতি উন্নত অতি সুন্দৰতা
বলা ভাই ..আগুৱাই
অতি উচ্চ
অতি উন্নত অতি সুন্দৰতা
বলা ভাই ..আগুৱাই.. ৷

সকলো কীৰ্তি মুগ্ধ কৰিছে
সৌ যে ধুনীয়া দেশ
জিকিছে মানুহৰ সুপ্ত ভাৱনা
উজ্বল এধানি দেশ
বিহীন হীনতা নিচলা ভীৰুতা
হীনতা হিংসা দেশ
সেয়েহে আমাৰ মহা সাধনাৰ
মহা জীৱনৰ দেশ
বলা ভাই আগুৱাই
অতি উচ্চ
অতি উন্নত অতি সুন্দৰতা
বলা ভাই আগুৱাই.. ৷


মান অপমান নিন্দা গৰিহা
ভৰিৰে মোহাৰি লৈ
শত কীৰ্তিৰ সূৰ্য দেৱতা
জাগি উঠে উলাহত
মান অপমান নিন্দা গৰিহা
ভৰিৰে মোহাৰি লৈ
শত কীৰ্তিৰ সূৰ্য দেৱতা
জাগি উঠে উলাহত ;
শুভ্র দৃষ্টি সচেতন কৰা
সংশয়হীন হৈ
জীৱন কুসুম
ভয় লাগে লাগে
বিকশিত অবিৰত
আত্ম বলৰ তেজাল কোবাল
দেহ শালীন হয়
আনৰ দম্ভ অজেয় আত্ম
বিজয় পতাকা গ
জীৱন মৰণ পণ কৰি পোৱা
পথ ধৰি ধৰি ভাই
লা আগুৱাই
লা আগুৱাই
লা আগুৱাই ভাই
বলা ভাই ..আগুৱাই..
অতি উচ্চ
অতি উন্নত অতি সুন্দৰতা
বলা ভাই আগুৱাই
অতি উচ্চ
অতি উন্নত অতি সুন্দৰতা
বলা ভাই... আগুৱাই... ৷৷

(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: