অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

বিহু বিহু লাগিছে গাত (দ্বৈত কন্ঠত)


ভূ:হা:  বিহু বিহু লাগিছে গাত
বিহু মাৰো আহানা
হুৰমূৰ কৰিছে মোৰ
এপাক নাচোঁ আহানা
চিনো চিনো লাগে তোমাক
নামটি তোমাৰ কোৱাঁনা
দুয়ো:   বিহু মাৰো আহানা
এপাক নাচো আহানা
হে নামটি তোমাৰ কোৱানা জান ৷

দুয়ো:   বিহু বিহু লাগিছে গাত
বিহু মাৰো আহানা
হুৰমূৰ কৰিছে মোৰ
এপাক নাচোঁ আহানা
চিনো চিনো লাগে তোমাক
নামটি তোমাৰ কোৱাঁনা
হে বিহু মাৰো আহানা
এপাক নাচো আহানা
নামটি তোমাৰ কোৱানা জান ৷

ভূ:হা: ’... নাচনীয়ে নাচি যা..
বিহু গীত এফাকি গা...
বিহু গীত এফাকি গা...
বিহু গীত এফাকি গা...

চেউৰি মহৰে পেপাঁটি কাটিলোঁ
আহঁতৰ তলতে ৰৈ ওখল-মাখল লগালোঁ
নাৰী:    চেউৰী মহৰে পেপাঁটি কাটিলোঁ
আহঁতৰ তলতে ৰৈ ওখল-মাখল লগালোঁ ঐ
দুয়ো:   নাচনীয়ে নাচি যা..
ভূ:হা:  বিহু এফাকি গা.. (নাৰী:    ঘুৰি ঘুৰি নাচা জান)

নাৰী:     বহাগৰে আকাশতে নাচে
ৰে কুলীয়ে বিজুলি উলাহৰে
মেঘৰে আৰে আৰে         !
.. ডাৱৰে যেন
ধোল বজাই তালে তালে !
বতাহজাকে বিহুৰে গীত গালে...!
কহুঁৱাৰ পাৰে পাৰে !
ভূ:হা:  হুৰ হুৰ...
ৰুণজুন মইনা  গুন গুন মইনা
ঘুৰি ঘুৰি যা নাচানা
হেই ৰুণজুন মইনা জুন জুন মইনা
ঘুৰি ঘুৰি যা নাচানা

দুয়ো:   বিহু বিহু লাগিছে গাত
বিহু মাৰো আহানা
তোলমোল কৰিছে মোৰ
এপাক নাচোঁ আহানা
চিনো চিনো লাগিছে তোমাক
নামটি তোমাৰ কোৱাঁনা
বিহু মাৰো আহানা
হে এপাক নাচো আহানা
নামটি তোমাৰ কোৱানা জান ৷

(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: