অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

বীণ বৰাগী তোৰ বীণখনি ল’ তুলি


বীণ বৰাগী তোৰ বীণখনি ল’ তুলি
বীণ বৰাগী তোৰ বীণখনি ল’ তুলি
সমীৰণে তানে তানে
আগলি বাতৰি আনে
সমীৰণে তানে তানে
আগলি বাতৰি আনে
চ’ত আহি পালে বুলি বীণখনি ল’ তুলি
বীণ বৰাগী তোৰ বীণখনি ল’ তুলি
বীণ বৰাগী ....

ৰঙে ৰঙে দশোদিশ উপচাই গ’ল
গছে গছে কপৌ ফুল ফুলিবৰ হ’ল ৷

ৰঙে ৰঙে দশোদিশ উপচাই গ’ল
গছে গছে কপৌ ফুল ফুলিবৰ হ’ল
গোন্ধৰ সঁফুৰা খুলি বীণখনি ল’ তুলি
বীণ বৰাগী তোৰ বীণখনি ল’ তুলি
বীণ বৰাগী ....

চা সৌ কুঁহিপাত কৰে লৰচৰ
হেৰ’ তুলি ধৰ তোৰ বীণ তুলি ধৰ !

চা সৌ কুঁহিপাত কৰে লৰচৰ
হেৰ’ তুলি ধৰ তোৰ বীণ তুলি ধৰ ;
তাঁৰে তাঁৰে লাগি তোৰ আঁঙুলি বোলন
সুৰে সুৰে খেলি য’ত সুৰৰ দোলন !
তাঁৰে তাঁৰে লাগি তোৰ আঁঙুলি বোলন
সুৰে সুৰে খেলি য’ত সুৰৰ দোলন
পৰাণ উঠক তুলি বীণখনি ল’ তুলি !
বীণ বৰাগী তোৰ বীণখনি ল’ তুলি
বীণ বৰাগী তোৰ বীণখনি ল’ তুলি
সমীৰণে তানে তানে
আগলি বাতৰি আনে ,
সমীৰণে তানে তানে
আগলি বাতৰি আনে
চ’ত আহি পালে বুলি বীণখনি ল’ তুলি
বীণ বৰাগী তোৰ বীণখনি ল’ তুলি
বীণ বৰাগী তোৰ বীণখনি ল’ তুলি
বীণ বৰাগী তোৰ বীণখনি ল’ তুলি
বীণ বৰাগী তোৰ বীণখনি ল’ তুলি
বীণ বৰাগী তোৰ বীণখনি ল’ তুলি ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: